Monisha Bakers,Teok

Monisha Bakers,Teok Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Monisha Bakers,Teok, Shopping & retail, 37 No NH, Oposite ASTC, Teok, Jorhat.

শিক্ষাৰ্থী সকলৰ বাবে বিশেষ ৰেহাই :------------------------------------------------------গত বছৰৰ দৰে এই বছৰতো শিক্ষক দিৱস...
22/08/2025

শিক্ষাৰ্থী সকলৰ বাবে বিশেষ ৰেহাই :-
-----------------------------------------------------

গত বছৰৰ দৰে এই বছৰতো শিক্ষক দিৱস উপলক্ষে শিক্ষাৰ্থী সকলৰ সামান্যতম সকাহ হোৱাকৈ আইচিং কেকৰ প্ৰতি পাউণ্ডত ৫০ টকাকৈ ৰেহাই দিয়াৰ ব্যৱস্থা কৰা হৈছে। শিক্ষক দিৱসৰ পৱিত্ৰ ক্ষণত ছাত্ৰ-ছাত্ৰী সকলক উৎসাহ যোগাবলৈ ক্ষুদ্ৰতম প্ৰয়াস কৰা হৈছে।

আপোনালোকৰ তৃপ্তিয়ে আমাৰ কাম্য।।

চাওঁতে চাওঁতে আপোনালোকৰ মৰমৰ অনুষ্ঠান মণীষা বেকাৰীৰ টীয়কৰ খুচুৰা বিক্ৰী কেন্দ্ৰই যোৱা কালি অৰ্থাৎ ২৯ নৱেম্বৰ তাৰিখে সপ্...
30/11/2024

চাওঁতে চাওঁতে আপোনালোকৰ মৰমৰ অনুষ্ঠান মণীষা বেকাৰীৰ টীয়কৰ খুচুৰা বিক্ৰী কেন্দ্ৰই যোৱা কালি অৰ্থাৎ ২৯ নৱেম্বৰ তাৰিখে সপ্তম বছৰ অতিক্ৰম কৰি অষ্টম বছৰত ভৰি দিয়ে। এইয়া কেৱল সম্ভৱ হৈ উঠিছে আপোনালোকৰ মৰম-চেনেহ তথা আশীৰ্বাদৰ বাবে। সপ্তম সংখ্যক প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি এইবাৰ এক ব্যতিক্ৰমী কাৰ্যসূচী ৰূপায়ণ কৰিবলৈ প্ৰয়াস কৰা হৈছিল। মণীষা কল্যাণ নিধিৰ সামাজিক দায়বদ্ধতা নীতিৰ অধীনত টীয়কৰ নগৰ অঞ্চলৰে কিছু সংখ্যক বিদ্যালয়লৈ গ্ৰন্থ টোপোলা আগবঢ়োৱা হ'ল। এই কাৰ্যসূচী টো বিস্তৃত পৰিসৰত কৰাৰ মন আছিল যদিও এইবছৰ কিছু অসুবিধাৰ বাবে আমি নিদিষ্ট সংখ্যক বিদ্যালয়ত হে প্ৰদান কৰিব পাৰিলো। সেয়েহে বাকী সকলো শুভাকাংক্ষী ওচৰত ক্ষমা প্ৰাৰ্থী হৈ ৰম। আপোনালোকৰ অনুষ্ঠানটোৰ প্ৰতি থকা মৰম চেনেহ তথা আশীৰ্বাদ এনেদৰে অনাগত দিনবোৰত পাই থাকিলে কাৰ্যসূচী টো বহল ভাৱে প্ৰসাৰিত কৰিবৰ বাবে চেষ্টা কৰিম।

অনুষ্ঠান এটি পৰিচালনা কৰোঁতে ভাল- বেয়া দুয়োটা দিশে থাকে। ভাল খিনি গ্ৰহণ কৰি বেয়া খিনিৰ গঠনমূলক সমালোচনাই আমাক এইদৰে আপোনালোকক সেৱা আগবঢ়ায় যাবলৈ সুবিধা দিয়ে যেন।

যোৱা কালি হৈ যোৱা কাৰ্যসূচী আদৰি লোৱাৰ বাবে বিদ্যালয় কতৃপক্ষলৈ আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ।

গ্ৰন্থ কিনক, গ্ৰন্থ পঢ়ক, গ্ৰন্থ আনকো পঢ়োৱাক,,শুভাকাংক্ষী সকলক জনাবলৈ পায় সুখী হৈছো যে "মনীষা বেকাৰ্চ" (পুৰণা) টীয়কে অ...
29/10/2024

গ্ৰন্থ কিনক, গ্ৰন্থ পঢ়ক, গ্ৰন্থ আনকো পঢ়োৱাক,,

শুভাকাংক্ষী সকলক জনাবলৈ পায় সুখী হৈছো যে
"মনীষা বেকাৰ্চ" (পুৰণা) টীয়কে অহা ইং ২৯ নৱেম্বৰ তাৰিখে সপ্তম বছৰ অতিক্ৰম কৰি অষ্টম বছৰত ভৰি দিব। এইয়া কেৱল সম্ভৱ হৈছে আপোনালোকৰ আশীৰ্বাদ তথা মৰম-চেনেহৰ বাবে। উল্লেখযোগ্য যে আৰম্ভণিৰে পৰা প্ৰতিষ্ঠা বাৰ্ষিকীৰ লগত সংগতি ৰাখি বিভিন্ন কাৰ্যসূচী পালন কৰি অহা হৈছে। তাৰে পৰিপ্ৰেক্ষিতত এই বছৰো টীয়ক নগৰাঞ্চলৰ কিছু সংখ্যক চৰকাৰী আৰু বেচৰকাৰী শিক্ষানুষ্ঠানৰ পুথিভঁৰাল সমূহলৈ সামান্য গ্ৰন্থ দান কাৰ্যসূচী ৰূপায়ণ কৰিবলৈ প্ৰয়াস কৰা হৈছে। কাৰ্যসূচী সফল ভাৱে ৰূপায়ণৰ বাবে আমাৰ অনুষ্ঠানৰ শুভাকাংক্ষী তথা বিজ্ঞ জনৰ দিহা পৰামৰ্শ একান্তই কামনা কৰা হ'ল।

18/10/2021

সমূহ অসমবাসীলৈ কাতি বিহুৰ আন্তৰিক শুভেচ্ছা‌‌ থাকিল।।।

07/01/2021

অসমীয়া নৱবৰ্ষত এক নতুন ঠাইত এক নতুন সংযোজনৰে আপোনালোকলৈ এক নতুন বতৰা দিবৰ বাবে সাজু হৈছে আপোনালোকৰ নিজৰ প্ৰতিষ্ঠান "মণীষা বেকাৰী " য়ে... অপেক্ষা মাথো কেইটিমান মাহ.....

আপোনাৰ তৃপ্তিৰে আমাৰ কাম্য....

29/11/2020

চাওঁতে চাওঁতে আপোনালোকৰ প্ৰতিষ্ঠান মনীষা বেকাৰচ্,টীয়কে আপোনালোকৰ মাজত তিনিটা বছৰ সম্পূৰ্ণ কৰিলে... এইখিনিতে আমাৰ অনুষ্ঠানৰ সকলো শুভাকাংক্ষীলৈ আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছো.... আপোনাসৱৰ সহায়-সহযোগিতা অবিহনে আমাৰ এই যাত্ৰা মুঠেই সহজ নহ'লে হেতেন....আপোনালোকৰ মৰম-চেনেহ আৰু আমাৰ প্ৰতি থকা বিশ্বাস লগত লৈ আমি বহু দূৰ বাট আগবাঢ়ি যাব লাগিব.... আৰ্শীবাদ কৰিব অাগলৈও এতিয়াৰ দৰে আপোনালোকৰ সেৱা কৰি যাব পাৰোঁ....

আপোনাৰ তৃপ্তিৰে আমাৰ কাম্য....

Happy 3rd anniversary to us.....

ঘৰৰ পৰাই এতিয়া আপোনাৰ মন পচন্দৰ আকৰ্ষণীয় কেক সমূহ অডা্ৰ কৰিব পাৰিব...লগতে fondant/suger pastr সকলো ধৰনৰ  কেক উপলব্ধ... স...
29/09/2020

ঘৰৰ পৰাই এতিয়া আপোনাৰ মন পচন্দৰ আকৰ্ষণীয় কেক সমূহ অডা্ৰ কৰিব পাৰিব...লগতে fondant/suger pastr সকলো ধৰনৰ কেক উপলব্ধ...

সাৱধানে থাকক... সুৰক্ষিত থাকক...

বি:দ্ৰ: অডা্ৰ ক্ষেত্ৰত কিছু নিয়মৰ প্ৰয়োজন

আমাৰ প্ৰতিজন শুভাকাংক্ষীলৈ অসমীয়া নৱবৰ্ষৰ আন্তৰিক শুভকামনা তথা ৰঙালী বিহুৰ বহু বহু শুভেচ্ছা জ্ঞাপন কৰিলো....ঘৰতে থাকি উদ...
13/04/2020

আমাৰ প্ৰতিজন শুভাকাংক্ষীলৈ অসমীয়া নৱবৰ্ষৰ আন্তৰিক শুভকামনা তথা ৰঙালী বিহুৰ বহু বহু শুভেচ্ছা জ্ঞাপন কৰিলো....

ঘৰতে থাকি উদযাপন কৰো আহক আমাৰ এই হেপাঁহৰ বিহুটিক.....
ঘৰতে থাকক,সুৰক্ষিত থাকক

আপোনালোকৰ মৰম-চেনেহৰ মাজেৰে মণীষা বেকাৰচ্ টীয়কে দুটা বছৰ সম্পূৰ্ণ কৰিবলৈ গৈ আছে| তদুপলক্ষে দ্বিতীয় বৰ্ষপূতি দিনা পূৰ্বৰ ...
07/11/2019

আপোনালোকৰ মৰম-চেনেহৰ মাজেৰে মণীষা বেকাৰচ্ টীয়কে দুটা বছৰ সম্পূৰ্ণ কৰিবলৈ গৈ আছে| তদুপলক্ষে দ্বিতীয় বৰ্ষপূতি দিনা পূৰ্বৰ দৰে সন্মানীয় গ্ৰাহক সকলৰ মাজত এখনি লাকী ড্ৰৰ আয়োজন কৰা হৈছে৷ লাকী ড্ৰৰ খনৰ কুপন সমূহ আমাৰ টীয়কৰ বিপনীত গ্ৰাহক সকলৰ মাজত বিতৰণ কৰি থকা হৈছে | গতিকে আহক আপোনাৰ কুপন টি সংগ্ৰহ কৰক | কুপন সীমিত....

@চৰ্তাৱলী প্ৰযোজ্য....

শিক্ষক দিৱস উপলক্ষে বিগত বৰ্ষ দৰে মণীষা বেকাৰী পৰিয়ালবৰ্গয়ে  ছাত্ৰ-ছাত্ৰী সকলৰ সুবিৰ্ধাথে সকলো ধৰণৰ আইচিং কেকত বিশেষ ৰেহ...
25/08/2019

শিক্ষক দিৱস উপলক্ষে বিগত বৰ্ষ দৰে মণীষা বেকাৰী পৰিয়ালবৰ্গয়ে ছাত্ৰ-ছাত্ৰী সকলৰ সুবিৰ্ধাথে সকলো ধৰণৰ আইচিং কেকত বিশেষ ৰেহাই ব্যৱস্থা কৰিছে......
আহক আমি সকলোৱে মিলি উদযা্পন কৰো শিক্ষক দিৱসটি.....

এই ৰেহাই কেৱল মণীষা বেকাৰী খুচুৰা গ্ৰাহক সেৱা বিপনীত হে উপলব্ধ......

আপোনালোকৰ তৃপ্তিৰে আমাৰ কাম্য......

আহক  উদযাপন কৰো জন্মদিন,বিবাহ বাৰ্ষিকী,জোৰোণ আদি অন্যান্য আকৰ্ষণীয় তথা সুস্বাদু কেক্ ৰ লগত..... আপোনাৰ তৃপ্তিৰে আমাৰ কাম...
17/05/2019

আহক উদযাপন কৰো জন্মদিন,বিবাহ বাৰ্ষিকী,জোৰোণ আদি অন্যান্য আকৰ্ষণীয় তথা সুস্বাদু কেক্ ৰ লগত.....

আপোনাৰ তৃপ্তিৰে আমাৰ কাম্য......
মণীষা বেকাৰচ্ টীয়ক...
অসম ৰাজ্যিক পৰিৱহন নিগমৰ সন্মুখত.টীয়ক

Address

37 No NH, Oposite ASTC, Teok
Jorhat

Website

Alerts

Be the first to know and let us send you an email when Monisha Bakers,Teok posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share