Upohar9

Upohar9 To relive relationships, to strengthen the bond sometimes a gift can be helpful Upohar9 is always here for making your loved ones feel special. DM for order

'' তাই হাতখৰছৰ পৰা বাচি থকা পইচাৰে মোলৈ জন্মদিনৰ উপহাৰ পঠাইছিল আৰু মই জানো তাই যে পুতলা কিমান ভালপাই। হয়তো সেইখিনি পইচাৰ...
13/11/2022

'' তাই হাতখৰছৰ পৰা বাচি থকা পইচাৰে মোলৈ জন্মদিনৰ উপহাৰ পঠাইছিল আৰু মই জানো তাই যে পুতলা কিমান ভালপাই। হয়তো সেইখিনি পইচাৰে তাই মোক উপহাৰ নিদিয়া হলে নিজলৈ কিবা এটা কিনিলে হেতেন। মোক দিয়া শ্ৰেষ্ঠ উপহাৰৰ ধাৰ মই কেতিয়াও শুজিব নোৱাৰো, তথাপিও তোমালৈ এটা সৰু উপহাৰ পঠাইছোঁ। আশাকৰো তুমি ভাল পাবা।
তোমাৰ....
প্ৰিয়জন"
প্ৰতিজন মধ্যবিত্তই কিমান যে কষ্টৰ মাজেৰে অলপমান পইচা বচাই হলেও প্ৰিয়জনলৈ উপহাৰ দিয়ে! সম্পৰ্কবোৰ এনেদৰেই ধুনীয়া হৈ থাকক।
HAPPINESS DELIVERED 💌
DM FOR ORDER 💌
love

"অভিমান যিমানেই নহওঁক কিয়, ভালপোৱাবোৰ জানো কমি যাব পাৰে? ভালপাওঁ বাবেই টো ইমান অভিমান। কেতিয়াবা ভূল বুজা বুজি হৈ যায়, বে...
10/11/2022

"অভিমান যিমানেই নহওঁক কিয়, ভালপোৱাবোৰ জানো কমি যাব পাৰে? ভালপাওঁ বাবেই টো ইমান অভিমান। কেতিয়াবা ভূল বুজা বুজি হৈ যায়, বেয়া নাপাবা, মন বেয়া কৰিও নাথাকিবা। মোক চোন জানাই খেয়ালি মনৰ মানুহ মই। জীৱনত প্ৰথম বাৰৰ বাবে চিঠি লিখিছোঁ তোমালৈ। উপহাৰৰ টোপোলাৰ লগত বহুত মৰম পঠাইছোঁ। ঘাত প্ৰতিঘাতৰ মাজেৰে সদায়েই তোমাৰ হাতখন ধৰি থকাৰ প্ৰতিশ্ৰুতিৰে 💌"
কোনে কয় সচাঁ প্ৰেম আজিৰ প্ৰজন্মই নুবুজে বুলি, কোনে কয় আজিৰ প্ৰজন্মৰ বাবে বিচ্ছেদ সহজ বুলি! সম্পৰ্কটো নকৈ জী উঠক তাৰেই কামনা।
Most affordable gift package of Upohar 💌
DM FOR ORDER 💌

30/10/2022

৩০ অক্টোবৰ। এটা অভিশপ্ত ইতিহাস। যি ইতিহাস সুঁৱৰি আজিও কম্পিত হয় মন, মগজ। আমাৰ বাবে এটা মাত্ৰ অভিশপ্ত দিন, যিসকলে হেৰুৱাই পেলালে আত্মীয়, নিকটাত্মীয় কিম্বা সাহসৰ একমাত্ৰ ঠিকনা তেওঁলোক বা কেনে আছে জীয়া জুই একুৰা বুকুত বান্ধি! নাজানোঁ তেওঁলোক কেনে আছে সদায় এটা ৰুঢ় বাস্তবৰ সৈতে যুঁজি যুঁজি! বৰ সাহসী মানুহবোৰ, জীয়াই থাকক তেওঁলোক কুশলে। মই এতিয়াও নিৰাপদ অনুভৱ নকৰোঁ! এই ভয়াৱহ দিনৰ কেতিয়াও পুনৰাবৃত্তি নহওঁক তাকেই কামনা কৰিব পাৰোঁ আমি। এতিয়াও সহজলভ্য সন্ত্ৰাসবাদী মানসিকতা। সঁচাই ছাঁই হৈ উৰিছে সাতামপুৰুষীয়া সম্প্ৰীতি! অসমত এতিয়া একতাৰ দুৰ্ভিক্ষ।

28/10/2022

নীলপৱন। প্ৰেমক তেওঁৰে সংজ্ঞাবদ্ধ কৰিব পাৰি। তেওঁলোকৰ সম্পৰ্কৰ যি ব্যাখ্যা সেইয়াই প্ৰেম। সম্পৰ্ক বহুত দেখিছোঁ, বাস্তব জীৱনত প্ৰেমিক কিন্তু কতো পোৱা নাই! যি অনুভৱে চুক্তিৰ বিনিময় নকৰে, যি অনুভৱে পোৱাতকৈ দিয়াৰ হাবিয়াস বেছি কৰে, যি অনুভৱে আওল লাগি থকা কথাবোৰো আওকাণ কৰি মাত্ৰ এজন মানুহৰ হাতখন নিৰবিচ্ছিন্ন ভাবে ধৰি থাকিবলৈ কয় সেয়াই প্ৰেম যেন মোৰ অনুভৱ হয়। এই অনুভৱ নীলপৱন - দীপালীয়ে দিয়া। সেই বাবেই তেওঁলোক অমৰ নিজৰ সৃষ্টিৰে, ত্যাগেৰে, নিভাঁজ প্ৰেমেৰে।
প্ৰিয় শিল্পীলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ।

'' শব্দৰে লিখিব নোৱাৰা  অনুভৱেও জুখিব নোৱাৰা কিম্বা ব্যস্ততাই ছাই কৰি নিব নোৱাৰা আমাৰ এই মৰম ,ভালপোৱাবোৰ সদায় এনেদৰেই থা...
28/10/2022

'' শব্দৰে লিখিব নোৱাৰা
অনুভৱেও জুখিব নোৱাৰা
কিম্বা ব্যস্ততাই ছাই কৰি নিব নোৱাৰা
আমাৰ এই মৰম ,ভালপোৱাবোৰ সদায় এনেদৰেই থাকক
❤❤ এগালমান মৰম ভালপোৱা পঠিয়াই দিছো
তোমাৰ হৃদয়ৰ গভীৰলৈ
আদৰি লবা দেই😘😘😍😍 Thank you so much for this nd "
কাৰোবাক এনেকৈ সুখী কৰাত উপহাৰ যেতিয়া সাৰথি হৈ পৰে বুজাব নোৱাৰা সুখ অনুভৱ হয়। ভালে থাকা তোমালোক।

উপহাৰ টো যাৰ বাবে পথাইছে তেওঁ নতুনকৈ শিক্ষকৰ পদত নিযুক্তি পাইছে। মোক অৰ্ডাৰ দিয়াৰ পৰত কৈছিল বা আপুনি অলপ ৰোমান্টিককৈ লিখ...
18/10/2022

উপহাৰ টো যাৰ বাবে পথাইছে তেওঁ নতুনকৈ শিক্ষকৰ পদত নিযুক্তি পাইছে। মোক অৰ্ডাৰ দিয়াৰ পৰত কৈছিল বা আপুনি অলপ ৰোমান্টিককৈ লিখি দিবছোন, মই তাইক বহুত ভালপাওঁ। এনেকুৱা সম্পৰ্কবোৰ দেখিলে, আব্দাৰবোৰ অনুভৱ কৰিলে প্ৰেমত পৰিব মন যায় 😁☺️ ভালে থাকা তোমালোক।
" মৰমৰ...... ,
মৰম ল'বা। শিক্ষকতা জীৱনৰ এটা সফল যাত্ৰাৰ বাবে অলেখ শুভকামনা তোমালৈ। মোৰ হৃদয়ৰ একমাত্ৰ ঠিকনা তুমি। হৃদয়ৰ নিভৃত কোণত সাঁচি ৰাখিছোঁ তোমালৈ নিভাঁজ মৰম, অফুৰন্ত প্ৰেম।
উফ্ তোমাৰ সেই কাজল সনা দুচকুৰ যি মায়াময় চাৱনি, এনে লাগে মই যেন গলি যাম এটুকুৰা বৰফৰ দৰে। যৌৱনৰ দুৱাৰদলিত তোমাক পালো, আজীৱন হৃদয়ত কঢ়িয়াই লৈ ফুৰিম তোমাক।
মোৰ বাবে তুমি বহুত কৰিছা, এই প্ৰিয়জনৰ ফালৰ পৰা তোমাক সুখী কৰাৰ এটা সামান্য প্ৰচেষ্টা। উপহাৰৰ লগতে বহুত মৰম তোমালৈ। তোমাৰ কৰ্মৰে তুমি জিলিকি ৰোৱা তাৰ কামনাৰে
তোমাৰ প্ৰিয়জন"
one job gifts love

অসমীয়া মাত্ৰেই বিহু বুলিলে এক সুকীয়া আৱেগ। কাতিক কঙালী বুলি কয়, কিন্তু সম্পৰ্ক, মৰম, আদৰবোৰ জানো কঙালী হব পাৰে? এনেদৰেই...
14/10/2022

অসমীয়া মাত্ৰেই বিহু বুলিলে এক সুকীয়া আৱেগ। কাতিক কঙালী বুলি কয়, কিন্তু সম্পৰ্ক, মৰম, আদৰবোৰ জানো কঙালী হব পাৰে? এনেদৰেই থাকক তোমালোকৰ মৰম বোৰ। এজন বন্ধুৱে প্ৰিয় বান্ধবীলৈ প্ৰথম উপাৰ্জনৰে পঠোৱা উপহাৰৰ টোপোলা।
HAPPINESS DELIVERED 💌
DM FOR ORDER 💌
love

পোহৰৰ উৎসৱ দীপাৱলীক আদৰিবলৈ সাজু নে আপোনালোক? উপহাৰৰ সহায়েৰে আপোনজনৰ দীপাৱলী বিশেষ কৰি তোলক ।উপহাৰ সাজু পোহৰ বিলাবলৈ 🤍💛...
14/10/2022

পোহৰৰ উৎসৱ দীপাৱলীক আদৰিবলৈ সাজু নে আপোনালোক? উপহাৰৰ সহায়েৰে আপোনজনৰ দীপাৱলী বিশেষ কৰি তোলক ।উপহাৰ সাজু পোহৰ বিলাবলৈ 🤍💛
HAPPINESS DELIVERED 💌
DM FOR ORDER 💌
gifts gifts love

Happiness delivered 💌DM FOR ORDER 💌    gifts     of love    love
10/10/2022

Happiness delivered 💌
DM FOR ORDER 💌
gifts of love love

03/10/2022

Upohar 💌

03/10/2022

'' শৰতৰ শেৱালীৰ সুবাসৰ দৰেই তুমি মোৰ প্ৰিয়। শৰৎ মোৰ এনেও প্ৰিয়, তাতে আকৌ তোমাৰ ওপজা ঋতু। ভাললগাৰ পৰা ভালপোৱালৈ ইও এক অনন্য যাত্ৰা। বহুত ভালপাওঁ তোমাক । শৰতৰ স্নিগ্ধতাৰে আলোকিত হওঁক তোমাৰ জীৱন। ওপজা দিনৰ অলেখ শুভকামনা থাকিল তোমালৈ ।তাৰেই কামনাৰে
তোমাৰ
প্ৰেয়সী''
জন্মদিনৰ প্ৰাকক্ষণত প্ৰেয়সীৰ শুভকামনাৰ বহিঃপ্ৰকাশ এইয়া। তোমালোকৰ প্ৰতিটো সপোন পূৰণ হওঁক। ভালে থাকা দুয়ো আজীৱন 💌 উপহাৰৰ ফালৰ পৰা বহুত শুভকামনা।
DM for order 💌
HAPPINESS DELIVERED 💌
gifts life love love

'' সংগ্ৰাম খিনিৰ শেষত আজি অলপ সকাহ পালোঁ। জীৱনে দিক্ বিদিক হেৰুওৱাৰ পৰত মোৰ আন্ধাৰ পথৰ সাৰথি হোৱাৰ বাবে বহুত ধন্যবাদ 💌 ...
23/09/2022

'' সংগ্ৰাম খিনিৰ শেষত আজি অলপ সকাহ পালোঁ। জীৱনে দিক্ বিদিক হেৰুওৱাৰ পৰত মোৰ আন্ধাৰ পথৰ সাৰথি হোৱাৰ বাবে বহুত ধন্যবাদ 💌 সংগ্ৰামৰ সময়ত ধৈৰ্য্যৰে, সাহসেৰে হাত খন ধৰি থকাৰ বাবে তোমাৰ ওচৰত চিৰ কৃতজ্ঞ হৈ ৰ'ম। সংগ্ৰামৰ সময়খিনিত তোমাক সময় দিব নোৱাৰিছিলোঁ, তথাপিও একে ধৰণেই মোক মৰমেৰে আৱৰি ৰখাৰ বাবে ধন্যবাদ। এতিয়া সময়বোৰ আমাৰ হ' ব। ''---- আজি নিযুক্তি পোৱা এজন যুৱকৰ কৃতজ্ঞতাৰ এখিলা পাত তেওঁৰ প্ৰিয় ব্যক্তিলৈ। উপহাৰ দিওঁতাৰ মনৰ ভাষা💌
সঁচাকৈ সংগ্ৰামৰ সময়ত হাত খন ধৰি থকা মানুহ লাগে জীৱনত। আপোনালোকৰ ভালপোৱা এনেদৰেই থাকক চিৰকাল ।দুয়োকে সফলতাৰ ধ্বজা উৰুৱাই জীৱন উদযাপনৰ সুবিধা দিয়ক নেদেখা জনে 💌
মই সুখী আজিৰ দিনটোতেই উপহাৰটি তেওঁৰ হাতত পৰিলগৈ। সুখী হবলৈ ইয়াতকৈ আৰু কি লাগে 💌
DM. for order💌Share your happiness with Upohar 💞
love

Address

Guwahati

Alerts

Be the first to know and let us send you an email when Upohar9 posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share

Category