Assamese Film & Song

Assamese Film & Song film is the greatest teacher

we are going to add valuable information on new books , new song & cinema etc
We are also trying to add some exciting Book, music, movie, & song

So, keep on visiting our page

https://youtu.be/WJ_c8Vil4aI
31/10/2024

https://youtu.be/WJ_c8Vil4aI

Welcome to the Official Music Video for "ERA SUTI (এৰা সুঁতি)". Third musical number from the album PROKRITIR XUR ( প্ৰকৃতিৰ সুৰ)- THE TUNE OF NATURE. ড: ধ্...

https://youtu.be/r3WbJtq1X9c?feature=sharedপ্ৰবীণ বৰা আৰু নীলাক্ষি নেওঁগৰ কণ্ঠত উপভোগ কৰক 'জয় হনুমেন' চিনেমা খনৰ এটা প্...
30/08/2024

https://youtu.be/r3WbJtq1X9c?feature=shared
প্ৰবীণ বৰা আৰু নীলাক্ষি নেওঁগৰ কণ্ঠত উপভোগ কৰক 'জয় হনুমেন' চিনেমা খনৰ এটা প্ৰেমৰ গান।১৮ অক্টোবৰত মুক্তি পাব সমগ্ৰ অসমত ।

'জয় হনুমেন' চিনেমা খনৰ এইটো এটা প্ৰেমৰ গান। এই কাহিনীৰ নায়ক জয়ৰ 'পাহি'ৰ প্ৰতি থকা অনুৰাগ আৰু কল্পনা দৃশ্য শ্ৰব্য ...

03/06/2023

দ্য কনচিকুচেন্স : এখন চলচিত্ৰৰ নিৰ্মোহ বিশ্লেষণ
ৰিমলী বৰকটকী by ৰিমলী বৰকটকী June 2, 2023 4:35 pm

দ্য কনচিকুৱেন্স-অৰ্থাৎ পৰিণাম বা পৰিণতি। গত ২৬মে’ ২০২৩ তাৰিখে ছবিগৃহত মুক্তিলাভ কৰা এই অসমীয়া ছবিখনৰ প্ৰিমিয়াৰ শ্ব’ত ছবিখন চোৱা হৈছিল। ছবিখনৰ কাহিনী,সংলাপ তথা পৰিচালনা-চন্দ্ৰশেখৰ দাসৰ। এ এম টেলিভিছনে প্ৰযোজনা কৰা এই ছবিখনে ইতিমধ্যেই বহু সংখ্যক ৰাষ্ট্ৰী-আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত কেইবাটাও বঁ‌টা-বাহনো লাভ কৰিবলৈ সক্ষম হৈছে। ইয়াৰ ভিতৰত ২০২১-২২ বৰ্ষৰ লাভ কৰা শ্ৰেষ্ঠ পৰিচালক(আন্তঃৰাষ্ট্ৰীয়),শ্ৰেষ্ঠ নৱাগত পৰিচালকৰ দুটিকৈ বঁ‌টা(এটি প্ৰাগ চিনে এৱাৰ্ড)আদি লাভ কৰিছে। লগতেই মুখ্য ভূমিকাত অভিনয় কৰা শ্ববনম বৰগয়াৰীয়ে গ’ল্ডেন পিকক্ চলচ্চিত্ৰ মহোৎসৱত শ্ৰেষ্ঠ অভিনেত্ৰীৰ খিতাপ অৰ্জন কৰিবলৈ সক্ষম হৈছে। কিশোৰ মনস্তত্ত্বকেন্দ্ৰীক আৰু কিছু পৰিমাণে উৎকন্ঠাময় ছবিখন বৰ্তমান অসমৰ ভিন্ন ছবিগৃহত চলি আছে।

ছবিৰ আৰম্ভণি ঘটে ধুমুহা বলি থকা এক দৃশ্যপটেৰে। মূখ্য চৰিত্ৰৰ ছাৱাৰাৰ পানীৰ তলত নিজ মনোজগততে নিমগ্ন আৰু মাতৃ হুইল চেয়াৰত নিশ্চল হৈ বহি থাকে। এই দৃশ্যাংশই প্ৰতীকীৰূপত চিনেমাখনৰ কাহিনীভাগক প্ৰতিফলিত কৰে। ঘৰৰ ভিতৰত,লগ-সমনীয়াৰ সংষ্পৰ্শৰ পৰা দূৰৈত ভিডিঅ’ গেমত নিমগ্ন হওঁতে হওঁতে এগৰাকী স্বাভাৱিক কিশোৰীৰ মানসিক অৱস্থাই কোন দিশে গতি কৰিব পাৰে-কিমান বিপৰ্যয় ঘটিব পাৰে মানসিক স্বাস্থ্যৰ-মূলতঃ এই লৈয়েই কাহিনীভাগ আগবাঢ়ে। স্ক্ৰীজ’ফ্ৰেনিয়াত আক্ৰান্ত হৈ পৰা অস্বাভাৱিক আচৰণ কৰা মনিষা(শ্ববনম বৰগয়াৰী)ক পিতৃয়ে গাঁৱৰ ঘৰলৈ লৈ যায় আৰু এইখিনিৰে পৰা কাহিনীৰ গতিলৈ ভিন্নতা আহি পৰে। বৰ্তমান সময়ত বহিঃজগত বা প্ৰকৃতিৰ পৰা বিচ্ছিন্ন হ’লে,ই মানসিক স্বাস্থ্যৰ ওপৰত কিদৰে প্ৰভাৱ পেলাব পাৰে-তাৰেই এক প্ৰতিফলন দা কনচিকুৱেঞ্চ। আৰম্ভণিৰে পৰাই ছবিখনৰ খুব ভাল লগা এক দিশ হৈছে সুজিত দেৱবাৰ্মাৰ আলোকশিল্পৰ কাম। লগতেই জুন খাউণ্ডৰ সম্পাদনাৰ দিশটোও যথেষ্ট পৈণত। ছবিখন মাথোঁ দেৰঘন্টা দৈৰ্ঘ্যৰ যদিও,মাজে মাজে কাহিনী কথন আৰু দুই এটি দৃশ্যাংশই অলপ লেহেমীয়া গতিৰ কৰি তোলা যেন অনুভৱ হ’ল। লগতেই,ঘৰুৱা কথোপকথনত মাজে-সময়ে কৰা লিখিত ভাষাৰ ব্যৱহাৰ কিছু শ্ৰুতিকটূ হৈছে। কাহিনী-চিত্ৰনাট্যই এইদৰে ছন্দ হেৰুৱাৰ আঁৰৰ কাৰণ হিচাপে গম পাইছিলো-যেতিয়া পৰিচালকে চিত্ৰনাট্য লিখা হোৱা নাছিল বুলিলে। ইতিমধ্যেই নিৰ্মিত এখন চুটি ছবিৰ কাহিনীৰ আধাৰত এই ছবিখন চিত্ৰনাট্য নোহোৱাকৈয়েই নিৰ্মাণ কৰি তুলিলে পৰিচালকে। গতিকেই,এনে ক্ৰূটি থকা স্বাভাৱিক। মাজে মাজে মৃদু হাস্যৰসৰ অৱতাৰণাও কৰা হৈছে। অনিৰুদ্ধ বৰুৱাৰ আৱহ-সংগীত আৰু সংগীত ব্যৱস্থাপনাৰ লগতেই মাধূৰ্য গগৈৰ শব্দগ্ৰহণ ভাল লগা। খুব ভাল লগা তথা প্ৰতীকী এক দৃশ্যাংশ হৈছে-যেতিয়া অন্তৰ ফালে এটি মুক্ত মনেৰে মনিষা জলাশয়ৰ পাৰত বহি থাকে আৰু জলাশয়ৰ তলত নহৈ লঠঙা,মৰহা লতাৰে গছদাল ওপৰত থাকে আৰু ধোঁ‌ৱাৰে মাজত সহজভাৱে সময় ভাসমান হৈ যায়-পৰিচালকক প্ৰশংসা কৰিব লাগিব। অভিনয়ৰ ক্ষেত্ৰত প্ৰথমেই নাম লব লাগিব মনিষাৰ বৰদেউতাকৰ চৰিত্ৰত অভিনয় কৰা বিপুল বৰাৰ স্বতঃস্ফূৰ্ত অভিনয়ৰ কথা। শ্ববনম বৰগয়াৰী আৰু কৃতাৰ্থ কান্ত বৰুৱা(চুনু)ৰ অভিনয়ো স্বাভাৱিক। যদিহে এখন পৰিয়ালকেন্দ্ৰিক কিশোৰ মনস্তত্ত্বৰ ছবি চাবলৈ বিচাৰে-তেন্তে দ্য কনচিকুৱেন্স আপোনাৰ বাবে।

26/05/2023

Address

Dispur
781003

Website

Alerts

Be the first to know and let us send you an email when Assamese Film & Song posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Assamese Film & Song:

Share